প্ৰমাণীকৰণ তথ্যসমূহ

প্ৰমাণীকৰণ ডিভাইচসমূহ

আধাৰ প্ৰমাণীকৰণ পৰিৱেশতন্ত্ৰত একোটা জটিল সংযোগ স্থাপনৰ বাবে প্ৰমাণীকৰণ ডিভাইচসমূহে হ’ষ্ট ডিভাইচ/ইলেক্ট্ৰ’নিক নায়কৰ ভূমিকা গ্ৰহণ কৰে৷ এই ডিভাইচসমূহে আধাৰ হিতাধিকাৰীসকলৰ পৰা ব্যক্তিগত চিনাক্তকৰণৰ তথ্য (পিআইডি) সংগ্ৰহ কৰে, তথ্যসমূহ সংবহনৰ বাবে প্ৰস্তুত কৰে, প্ৰমাণীকৰণ পেকেটসমূহ প্ৰমাণীকৰণৰ বাবে সংবহন কৰে আৰু প্ৰমাণীকৰণৰ ফলাফল প্ৰাপ্ত কৰে৷ বিভিন্ন প্ৰমাণীকৰণ ডিভাইচৰ উদাহৰণ হ’ল ডে’স্কট’প পিচি, লেপট’প, পইণ্ট-অৱ-ছেলৰ কিয়স্ক/হাতত লোৱা ম’বাইল ডিভাইচ (মাইক্ৰ’ এটিএম) আৰু টেবলেটসমূহ৷ অনুৰোধকাৰী উপাদানৰ প্ৰয়োজনীয়তা অনুসৰি এই ডিভাইচসমূহ বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰা হয়৷

প্ৰধান কাৰ্যসূচীসমূহ

প্ৰমাণীকৰণ ডিভাইচসমূহে তলত দিয়া প্ৰধান কাৰ্যসূচীসমূহ অনুসৰণ কৰেঃ

  • সেই ডিভাইচসমূহত হ’ষ্ট হৈ থকা ড’মেইন/ক্লায়েণ্ট এপ্লিকেচনসমূহৰ জৰিয়তে আধাৰ নম্বৰ হিতাধিকাৰীসকলৰ ব্যক্তিগত চিনাক্তকৰণৰ তথ্য (পিআইডি)সংগ্ৰহ কৰা৷
  • সম্পূৰ্ণ আৰু সন্মতিৰ বাবে সংগ্ৰহ কৰা তথ্যৰ প্ৰাথমিক পৰীক্ষণ সম্পন্ন কৰা৷
  • ৰমাণীকৰণৰ বাবে প্ৰমাণীকৰণ পেকেটসমূহৰ সংবহন কৰা৷

আধাৰ আইন, ২০১৬ আৰু ইয়াৰ নিয়ামকৰ অনুপালন অনুসৰি৷

প্ৰমাণীকৰণ ডিভাইচসমূহ অনুৰোধকাৰী উপাদান (এইউএ/কেইউএ)ৰ দ্বাৰা আৱণ্টিত হয়৷কাৰ্যসূচীৰ ওপৰত নিৰ্ভৰ কৰি এই ডিভাইচসমূহ স্ব-পৰিচালিত আৰু অপাৰেটৰ চালিত ডিভাইচ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে।

স্ব-পৰিচালিত ডিভাইচসমূহত আধাৰ নম্বৰ গৰাকীসকলৰ দ্বাৰা আন কাৰো সহায় নোলোৱাকৈ আধাৰ প্ৰমাণীকৰণ লেনদেন সম্পন্ন হয়।

অপাৰেটৰ চালিত ডিভাইচসমূহ অনুৰোধকাৰী উপাদানসমূহৰ অপাৰেটৰৰ সহযোগিতাত আধাৰ নম্বৰ গৰাকীসকলৰ আধাৰ লেনদেন সম্পন্ন হয়।

ব্যতিক্ৰম পৰিচালনাৰ সুবিধা

বায়’মেট্রিক প্রমাণীকৰণৰ সময়ত অপ্ৰকৃত ভাৱে অগ্ৰাহ্য কৰা প্রকৃত আবাসীবোৰক ডিভাইচ এপ্লিকেচনৰ সেৱা প্ৰদান কৰাৰ সুবিধা থকা উচিত৷ ইয়াৰ ওপৰিও, নেটৱর্ক অপ্রাপ্তি, ডিভাইচ ভাঙোন ইত্যাদি অন্যান্য প্রযুক্তিগত সীমাবদ্ধতাৰ ক্ষেত্রত সেৱা প্ৰদান অব্যাহত থকাৰ সুবিধা থকা উচিত৷ প্রযুক্তিৰ সীমাবদ্ধতাৰ কাৰণে আবাসীক সেৱা প্ৰদান কৰাত কোনো বাধা থাকিব নালাগে৷ ব্যতিক্ৰম পৰিচালনাৰ ব্যৱস্থাৰ মাধ্যমেৰে কোনো ভুৱা প্ৰয়াস ৰোধ কৰিবলৈ এই ব্যৱস্থাত অপ্ৰত্যাশিত বৈশিষ্টৰ অনুৰোধৰ তালিকা/অ’ডিট থকাটো আৱশ্যক৷

বাধ্যতামূলক নিৰাপত্তা

প্ৰয়োজনীয় নিৰাপত্তাৰ বিৱৰণৰ বাবে আধাৰ আইন, ২০১৬ আৰু ইয়াৰ নিয়ামকসমূহৰ প্ৰসংগ আনিব পাৰি৷

ডিভাইচ অপাৰেটৰ প্ৰশিক্ষণ

বৃহৎ সংখ্যক প্ৰমাণীকৰণ ডিভাইচ বিশেষকৈ যিবোৰ বায়’মেট্ৰিক প্ৰমাণীকৰণৰ অনুৰোধৰ কাৰণে ব্যৱহাৰ কৰা হয়, সেইবোৰ অপাৰেটৰৰ সহায়ক ডিভাইচ৷ আধাৰ প্ৰমাণীকৰণ কাৰ্যনিৰ্বাহ কৰোতে আবাসীৰ ফালৰ পৰা অহা প্ৰশ্নৰ যথাযথ ভাবে উত্তৰ দিব পৰাকৈ অপাৰেটৰ সকলক উপযুক্ত ভাবে প্ৰশিক্ষণ দিয়াটো এইউএয়ে নিশ্চিত কৰিব লাগে৷

কিছুমান বিশেষ ক্ষেত্ৰ যি বিলাক অপাৰেটৰৰ প্ৰশিক্ষণ অন্তৰ্ভূক্ত হব লাগে :

  • বায়’মেট্ৰিক ডিভাইচৰ ব্যৱহাৰ আৰু ভাল মানৰ বায়’মেট্ৰিক কৌশলেৰে গ্ৰহণ কৰাৰ কাৰণে কৰিবলগীয়া/নকৰিবলগীয়া৷
  • বিএফডিৰ ব্যৱহাৰ, অন-বোৰ্ডেদ আবাসীৰ কাৰণে ত্ৰুমোন্নতি আৰু পৰৱৰ্তী পৰ্যায়ৰ কাৰণে আবাসীক উপদেশ৷
  • ব্যতিক্ৰম পৰিচালনা ত্ৰুমোন্নতি আৰু প্ৰযুক্তিৰ সীমিতকৰণৰ কাৰণে যাতে কোনো আবাসীক সেৱাৰ পৰা বঞ্চিত নকৰে সেইটো নিশ্চিত কৰা৷
  • আবাসীৰ লগত উপযুক্ত বা যথাযথ ভাবে যোগাযোগ কৰা৷
  • ঠগ-প্ৰবঞ্চকক লক্ষ্য আৰু জাননী দিব পৰা কৌশল৷
  • প্ৰাৰম্ভিক ট্ৰাবলছুটিঙৰ পৰ্যায় আৰু এইউএ ৰ ডিভাইচ/ প্ৰয়োগিক সহায়ক গোটৰ যোগাযোগৰ সবিশেষ৷

বাধ্যতামূলক প্ৰয়োজনীয় সুৰক্ষা

  • আধাৰ প্ৰমাণীকৰণৰ সময়ত গ্ৰহণ কৰা পিআইডি ব্ল’ক গ্ৰহণসমূহ এনক্ৰিপ্ট কৰা উচিত আৰু তাক কেতিয়াও নেটৱৰ্কৰ জৰিয়তে পঠিয়াব নালাগে৷
  • এনক্ৰিপ্ট কৰা পিআইডি ব্লক কেতিয়াও জমা ৰাখিব নালাগে যেতিয়ালৈকে এইটো অলপ সময়ৰ বাবে বাফাৰ প্ৰমাণীকৰণ হয়৷
  • আধাৰ প্ৰমাণীকৰণৰ উদ্দশ্যত গ্ৰহণ কৰা বায়মেট্ৰিক আৰু আচনি তথ্য সমুহ স্থায়ী ভাবে বা ডাটাবেচত জমা কৰি ৰাখিব নালাগে ।
  • অপাৰেটৰ সহায়ক ডিভাইচৰ ক্ষেত্ৰত প্ৰথমতে অপাৰেটৰজনক যান্ত্ৰিক পদ্ধতিৰ সহায়ত যেনে পাচৱাৰ্ড, আধাৰ প্ৰমাণীকৰণ ইত্যাদিৰ সহায়ত চিনাক্তকৰন কৰি লব লাগে)