ইউআইডিএআই ব্ৰেণ্ড

তথ্য, শিক্ষা আৰু যোগাযোগ কৌশল

তথ্য, শিক্ষা আৰু যোগাযোগ (আইইসি)ৰ মৌলিক উদ্দেশ্য সকলো অংশীদাৰ আৰু বাসিন্দাক আধাৰৰ পৰা পোৱা সুবিধা আৰু ব্যৱহাৰ বিষয়ে সজাগ কৰা৷ ৰেজিষ্ট্ৰাৰ আৰু ইউআইডিএআইেয় একলগহৈ আধাৰ প্ৰয়োগৰ বিষয়ে প্ৰচাৰ কৰে যাতে চৰকাৰী আৰু অন্যান্য আঁচনিৰ লাভ ইচ্ছাকৃত হিতাধিকাৰীয়ে পায়৷ সকলো আবাসীকে আধাৰৰ বাৰ্তা বিস্তৃত ভাৱে উন্মুক্ত কৰিবলৈ নিম্নলিখিত প্ৰচাৰ মাধ্যমৰ জৰিয়তে বিস্তাৰ কৰা হয় :

  • সম্প্রচাৰ আৰু টেলিকাষ্ট : টিভি, ৰেডিঅ’, প্রিন্ট, ইন্টাৰনেট
  • তথ্য : সংবাদ আৰু প্রকাশন
  • বাহিৰত : পোষ্টাৰ, বিলিপত্র, প্রাচীৰ পেইন্টিং, বেনাৰ, হ’ৰ্ডিং
  • বিনোদন : চলচ্চিত্র, ক্রীড়া, উপস্থাপনা
  • আন্ত-ব্যক্তিগত: অডিঅ’, ভিডিঅ’, টেলিকম
  • সমর্থন আন্তঃগাঁথনি: ৰেজিষ্ট্ৰাৰ আৰু পঞ্জীয়ন এজেন্সীৰ আন্তঃগাঁথনি

আইইচি পুঁজি

ইউআইডিএআইয়ে আধাৰ লগত প্ৰত্যক্ষভাৱে জড়িত সকলো সামগ্ৰী নিৰ্মাণ আৰু ৰূপায়ণ পৰ্যায়ত আৱশ্যকীয় পুঁজিৰ যোগান ধৰিব৷ ৰেজিষ্ট্ৰাৰৰ লগত জড়িত যোগাযোগ সামগ্ৰী য’ত আধাৰৰ ব্ৰেণ্ড সন্নিবিষ্ট থাকে তাত ইউআইডিএআইয়ে পুঁজিৰ যোগান ধৰিব৷ যি কি নহওক, ৰেজিষ্ট্ৰাৰৰ নিৰ্দিষ্ট চাহিদা সংত্ৰুান্ত তথ্য প্ৰচাৰৰ বাবে অতিৰিক্ত কোনো প্ৰয়োজনীয়াতা নিজেই বহন কৰিব লাগিব৷
ইউআইডিএআইৰ এটা নিয়োজিত দলে উপযুক্ত অনুষ্ঠান যেনে বিজ্ঞাপন আৰু জনসংযোগৰ লগত ঘনিষ্ঠভাৱে আইইচিৰ কাৰ্য্যনিৰ্বাহ কৰাত ৰেজিষ্ট্ৰাৰক সহায় কৰে৷

সচেতনতা আৰু যোগাযোগ কৌশল উপদেষ্টা পৰিষদ

  • ইউআইডিএআইয়ে সচেতনতা আৰু যোগাযোগ কৌশলত গুৰুত্ব দি ইউআইডিএআই প্ৰকল্পৰ সাফল্য আৰু উদ্দেশ্য অর্জনৰ বাবে সচেতনতা আৰু যোগাযোগ কৌশল উপদেষ্টা পৰিষদ (এচিএছএচি) নিয়োগ কৰে৷ আদেশ গঠন কৰা পৰিষদ ও ইয়াৰ বাধ্যতামূলক অনুসাশন ইয়াত পোৱা যাব: সচেতনতা আৰু যোগাযোগ কৌশল উপদেষ্টা পৰিষদৰ আদেশ৷