বিষয়ে ইউআইডিএআই পৰিৱেশ তন্ত্ৰ

পঞ্জীকৰণ আৰু পৰিৱেশ তন্ত্ৰ উন্নীতকৰণ

পৰিৱেশ তন্ত্ৰ পঞ্জীকৰণত ৰেজিষ্ট্ৰাৰ তথা পঞ্জীকৰণ এজেন্সীসমূহ অন্তৰ্ভুক্ত থাকে৷ ব্যক্তিবিশেষৰ পঞ্জীয়নৰ বাবে ইউআইডিএআইৰ দ্বাৰা স্বীকৃত একোজন ৰেজিষ্ট্ৰাৰ থাকে৷ পঞ্জীকৰণ এজেন্সীসমূহ ৰেজিষ্ট্ৰাৰে নিয়োগ কৰে আৰু তেওঁলোক স্বীকৃতিপ্ৰাপ্ত অপাৰেটৰ/কৰ্মকৰ্তাৰ জৰিয়তে পঞ্জীয়নৰ সময়ত ব্যক্তিবিশেষৰ ডেম’গ্ৰাফিক তথা বায়’মেট্ৰিক তথ্য সংগ্ৰহৰ বাবে দায়বদ্ধ হয়৷

ৰেজিষ্ট্ৰাৰৰ সৈতে সমন্বয়ৰ জৰিয়তে, পঞ্জীকৰণ এজেন্সীসমূহে আৱাসীসকলৰ আধাৰ পঞ্জীয়নৰ বাবে পঞ্জীয়ন কেন্দ্ৰ স্থাপন কৰে৷ এছটিকিউচি আৰু ইউআইডিএআইৰ দ্বাৰা স্বীকৃত মাল্টিপল আঙুলিৰ চাপ স্কেনাৰ, মণিবলয় স্কেনাৰ তথা কেমেৰা পঞ্জীয়নৰ বাবে ব্যৱহাৰ হয় আৰু এই সকলোবোৰ ইউআইডিএআইৰ দ্বাৰা মান্য ডিজাইন এপ্লিকেচন প্ৰ’গ্ৰামিং ইণ্টাৰফে’চ (এপিআই)ৰ সৈতে সংযোজিত৷নিয়োজিত বিভিন্ন ৰেজিষ্ট্ৰাৰ, বিভিন্ন পঞ্জীয়ন এজেন্সী তথা বিভিন্ন প্ৰযুক্তি প্ৰদানকাৰীসকলে নিজৰ ভিতৰতে সুস্থ প্ৰতিযোগিতাৰ বাতাৱৰণ গঢ়ি তুলিছে

ইউআইডিৰ পৰিৱেশ তন্ত্ৰৰ প্ৰমাণীকৰণ

ইউআইডিআইএয়ে আৱাসীসকলৰ তাৎক্ষণিক প্ৰমাণীকৰণৰ বাবে পৰিৱৰ্তনশীল পৰিৱেশ তন্ত্ৰৰ স্থাপন কৰিছে৷ আধাৰৰ প্ৰমাণীকৰণ পৰিৱেশ তন্ত্ৰই দৈনিক দহ লক্ষাধিক প্ৰমাণীকৰণৰ প্ৰক্ৰিয়া সমাপন কৰিব পাৰে, তথা চাহিদা অনুসৰি ইয়াক পৰিৱৰ্তন কৰাৰ থলো আছে৷ ইউআইডিএআইয়ে বিভিন্ন চৰকাৰী তথা বেচৰকাৰী সংস্থাসমূহৰ পৰা প্ৰমাণীকৰণ সেৱা এজেন্সী (এএছএ) আৰু ব্যৱহাৰকাৰী এজেন্সীসমূহ (এইউএ) নিয়োগ কৰিছে৷ এছটিকিউচিৰ সৈতে অংশীদাৰীত্বত ইউআইডিএআইয়ে বায়’মেট্ৰিক ডিভাইচসমূহৰ প্ৰযুক্তিগত মান নিৰ্ধাৰণ কৰিছে, তথা তেওঁলোকৰ মাজৰ পৰা স্বীকৃতি প্ৰদান কৰিছে৷

যিহেতু প্ৰমাণীকৰণ সেৱা অনলাইনত প্ৰকৃত সময়ত সম্পন্ন কৰা হয়, তাৰবাবে ইউআইডিএআইয়ে দুটা তথ্য কেন্দ্ৰ স্থাপন কৰিছে য’ত প্ৰমাণীকৰণ আৰু অন্যান্য অনলাইন সেৱা যেনে ই-কেৱাইচিৰ কাম সক্ৰিয়তাৰে সম্পন্ন কৰাৰ উপৰিও তাৎক্ষণিক উপলব্ধতাৰ নিশ্চিয়তা প্ৰদান কৰা হয়৷ বেংক আৰু পে’মেণ্ট নেটৱৰ্ক অপাৰেটৰসমূহে আধাৰ প্ৰমাণীকৰণ একোখন মাইক্ৰ’-এটিএমত অনুবিদ্ধ কৰিছে যাতে দেশৰ যিকোনো ঠাইতে শাখাবিহীন বেংকিং সেৱা প্ৰকৃত সময়ত, পৰিৱৰ্তনশীল মাধ্যমত তথা আন্তঃ কাৰ্যক্ৰমতাৰে সমাপন হয়৷