আধাৰৰ পঞ্জীকৰণ

আধাৰ পঞ্জীয়নত প্ৰাপ্তি স্বীকাৰ পত্ৰ য’ত পঞ্জীয়ন নম্বৰ থাকে সেয়া প্ৰাপ্ত কৰাৰ আগেয়ে পঞ্জীয়ন কেন্দ্ৰ পৰিদৰ্শন, পঞ্জীয়ন আবেদন পূৰণ, ডেম’গ্ৰাফিক তথ্য তথা বায়’মেট্ৰিক তথ্য গ্ৰহণ, চিনাক্তকৰণ আৰু বাসস্থানৰ প্ৰমাণৰ তথ্য জমা দিয়াৰ প্ৰক্ৰিয়াসমূহ থাকে৷

  • আধাৰ পঞ্জীয়ন সম্পূৰ্ণ বিনামূলীয়া
  • ভাৰতৰ যিকোনো স্থানতে পৰিচয় আৰু বাসস্থানৰ প্ৰমাণৰ সৈতে স্বীকৃতিপ্ৰাপ্ত আধাৰ পঞ্জীয়ন কেন্দ্ৰলৈ আপুনি যাব পাৰে
  • ইউআইডিএআই প্ৰক্ৰিয়াকৰণত ১৮টা পিঅ’আই (চিনাক্তকৰণৰ প্ৰমাণ) আৰু ৩৩টা পিঅ’এ (ঠিকনাৰ প্ৰমাণ)ৰ তথ্য গ্ৰহণ কৰা হয়৷ ৰাষ্ট্ৰীয়ভাৱে গ্ৰহণ তথ্যৰ ঠিকনাৰ বাবে অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক
  • পৰিচয়ৰ প্ৰমাণৰ বাবে ফটো পৰিচয় তথ্য যেনে পান কাৰ্ড আৰু চৰকাৰী পৰিচয় পত্ৰ গ্ৰহণযোগ্য৷ বাসস্থানৰ প্ৰমাণৰ বাবে শেহতীয়া তিনিমাহৰ পুৰণা পানী-বিদ্যুৎ-টেলিফোনৰ বিল গ্ৰহণযোগ্য
  • যদি আপোনাৰ ওপৰত উল্লিখিতৰ এটাও নাই, তেনেহ’লে গেজেটেড বিষয়া/তহচিলদাৰে লেটাৰহেডত লিখি দিয়া ফটো পৰিচয় পত্ৰও পিঅ’আইৰ বাবে গ্ৰহণযোগ্য৷ সংসদৰ সদস্য অথবা বিধানসভাৰ সদস্য/গেজেটেড বিষয়া/তহচিলদাৰ/গাঁও পঞ্চায়তৰ মুখ্যই (গ্ৰাম্যাঞ্চলৰ বাবে) লেটাৰহেডত লিখি দিয়া তথ্যও পিঅ’এ হিচাপে গ্ৰহণযোগ্য
  • যদি পৰিয়ালৰ কোনো এজনৰ ব্যক্তিগত বৈধ তথ্য নাই তেন্তে আবাসীজনে তথাপিও পৰিয়ালৰ অন্যৰ তথ্য ব্যৱহাৰ কৰি পঞ্জীকৃত হ’ব পাৰে৷ এইক্ষেত্ৰত পৰিয়ালৰ মুখ্যজনৰ তথ্য প্ৰথমে পিঅ’আই আৰু পিঅ’এ হিচাপে পঞ্জীকৃত হোৱাটো প্ৰয়োজন৷ পৰিয়ালৰ মুখ্যজনে পৰিয়ালৰ অন্য সদস্যক পঞ্জীয়নৰ সময়ত চিনাকি কৰাই দিব পাৰে৷ ইউআইডিএআইয়ে ৮ প্ৰকাৰৰ সম্বন্ধৰ তথ্য গ্ৰহণ কৰে৷ৰাষ্ট্ৰীয়ভাৱে গ্ৰহণ তথ্যৰ ঠিকনাৰ বাবে অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক
  • যদি একো তথ্য উপলব্ধ নহয় তেনেহ’লে আবাসীজনে পঞ্জীয়ন কেন্দ্ৰত উপস্থিত যিকোনো এজনৰ পৰা পৰিচায়ক হিচাপে সহায় গ্ৰহণ কৰিব পাৰে৷ সেই পৰিচায়ক গৰাকী ৰেজিষ্ট্ৰাৰৰ দ্বাৰা পৰিচিত হ’ব লাগিব৷ অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি ৰেজিষ্ট্ৰাৰৰ কাৰ্যালয়ত পৰিদৰ্শন কৰক

সাৰাংশ হিচাপে তলত তিনিটা পঞ্জীয়নৰ প্ৰকাৰ উল্লেখ কৰা হ’লঃ

তথ্য ভিত্তিক
  • এখন বৈধ পৰিচয়ৰ প্ৰমাণ (পিঅ’এ) আৰু এখন বৈধ ঠিকনাৰ প্ৰমাণ (পিঅ’এ)জমা
পৰিয়ালৰ মুখ্য (এইচঅ’এফ) ভিত্তিক
  • পৰিয়ালৰ মুখ্যই (এইচঅ’এফ) পৰিয়ালৰ সদস্যত তথ্য প্ৰদৰ্শনৰ জৰিয়তে পৰিচয় কৰাই দিব পাৰে, যি সম্বন্ধৰ প্ৰমাণ হিচাপে পৰিগণিত হয় (পিঅ’আৰ)
পৰিচায়ক ভিত্তিক
  • বৈধ পৰিচয়ৰ প্ৰমাণ (পিঅ’আই) আৰু বৈধ ঠিকনাৰ প্ৰমাণ (পিঅ’এ) উপলব্ধ ন’হলে এজন পৰিচায়কৰ প্ৰয়োজন হয়৷ সেই পৰিচায়কজন ৰেজিষ্ট্ৰাৰৰ দ্বাৰা নিযুক্ত হয় আৰু তেওঁৰ নিজৰ বৈধ আধাৰ নম্বৰ থকাটো প্ৰয়োজন.
  • পঞ্জীয়ন কেন্দ্ৰত অনুগ্ৰহ কৰি আপোনাৰ ব্যক্তিগত তথ্য পঞ্জীয়ন আবেদনত পুৰাওক৷ আপোনাৰ ফটো, আঙুলিৰ চাপ আৰু মণিবলয়ৰ স্কেনো পঞ্জীয়নৰ অংশ হিচাপে গ্ৰহণ কৰা হ’ব৷ পঞ্জীয়নৰ সময়চোৱাত আপুনি নিজে প্ৰদান কৰা তথ্য পৰিদৰ্শন কৰি ভুল-ক্ৰুটি থাকিলে আঙুলিয়াই দিব পাৰিব৷ আপুনি এখন প্ৰাপ্তি স্বীকাৰ পত্ৰ অস্থায়ী পঞ্জীয়ন নম্বৰৰ সৈতে পঞ্জীয়নৰ সময়চোৱাত অন্য তথ্য গ্ৰহণৰ সবিশেষ প্ৰাপ্ত কৰিব৷ পঞ্জীয়নৰ তথ্যৰ কিবা শুধৰণি কৰিবলৈ হ’লে প্ৰাপ্তি স্বীকাৰ পত্ৰখনৰ সৈতে পঞ্জীয়ন কেন্দ্ৰত পঞ্জীয়নৰ ৯৬ ঘণ্টাৰ ভিতৰত পৰিদৰ্শন কৰিব লাগিব

Demographic Data: Name, Date of Birth/Age, Gender, Address, Mobile Number and email(Optional), Biometric Data: Photograph pf face, 10 fingerprint and 2 irises capture, For Enrolling children; In case of children below 5 years, parent/guardian's name, Aadhaar and biometrics have to be provided at the time of enrolment.

  • আপুনি মাত্ৰ এবাৰহে পঞ্জীকৃত হ’ব পাৰে, ইউআইডিএআইৰ অনুমোদন অবিহনে বহুবাৰ কৰা পঞ্জীয়ন অগ্ৰাহ্য হ’ব পাৰে
  • আবাসীৰ তথ্যৰ পেকেট চিআইডিআৰত প্ৰাপ্ত হোৱাৰ পিছত আধাৰৰ বাবে অপেক্ষাৰ সময় ৬০-৯০ দিন হ’ব

ক’ত পঞ্জীয়ন কৰাব

ভাৰতীয় ৰেজিষ্ট্ৰাৰ প্ৰৱন্ধকৰ কাৰ্যালয়(আৰজিআই)আৰু ইউআইডিএআইৰ দ্বাৰা পঞ্জীয়ন প্ৰস্তুতিৰ বাবে ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলবোৰত চলাই নিয়া হৈছে৷ আধাৰ পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীকৰণ (এনপিআৰ) আৰজিআইৰ দ্বাৰা একচেটিয়াকৈ অসম আৰু মেঘালয়ত চলাই থকা হৈছে৷ অন্য ৰাজ্য/ কেন্দ্ৰ শাসিত অঞ্চলৰ নিবাসী সকলে পঞ্জীয়নৰ বাবে কেৱল আধাৰ পঞ্জীয়ন কেন্দ্ৰ/ আধাৰ শিবিৰ অথবা যিকোনো স্থায়ী পঞ্জীয়ন কেন্দ্ৰত পঞ্জীয়ন কৰাব পাৰে

অন্য ৰাজ্য/ কেন্দ্ৰ শাসিত অঞ্চলৰ নিবাসী সকলে পঞ্জীয়নৰ বাবে কেৱল আধাৰ পঞ্জীয়ন কেন্দ্ৰ/ আধাৰ শিবিৰ অথবা যিকোনো স্থায়ী পঞ্জীয়ন কেন্দ্ৰত পঞ্জীয়ন কৰাব পাৰে