আধাৰৰ ব্যৱহাৰসমূহ

ভাৰত চৰকাৰে সমাজৰ আৰ্থিকভাৱে অনগ্ৰসৰ শ্ৰেণীটোৰ উন্নয়নৰ বাবে বিভিন্ন সমাজ কল্যাণমূলক আঁচনিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ আধাৰ আৰু ইয়াৰ প্লেটফ’ৰ্মে চৰকাৰক তেওঁলোকৰ সমাজ হিতকৰ কামসমূহৰ সফল ৰূপায়ণ তথা স্বচ্ছতাৰে কৰাৰ বাবে বিশিষ্ট সুবিধা আগবঢ়াইছে

চৰকাৰী আৰু সেৱা এজেন্সীসমূহৰ বাবে

ইউআইডিএআইয়ে আৱাসীসকলৰ বায়’মেট্ৰিক আৰু ডেম’গ্ৰাফিক তথ্যৰ ডাটাবেছৰ তথ্যত অদ্বিতীয় প্ৰমাণিত হোৱাৰ পিছতহে আধাৰ প্ৰদান কৰে৷বিভিন্ন আঁচনিৰ অধীনত প্ৰতিলিপি অপনয়ন কৰাৰ মূল উদ্দেশ্যটো হ’ল চৰকাৰী কোষাগাৰৰ ধন অপব্যৱহাৰৰ পৰা ৰক্ষা কৰা৷ ই চৰকাৰক হিতাধিকাৰীসকলৰ প্ৰকৃত তথ্য প্ৰদান কৰে, প্ৰত্যক্ষ লাভদায়ী কাৰ্যসূচী সম্পন্ন কৰাত সহায় কৰে তথা চৰকাৰী বিভাগ/সেৱা প্ৰদানকাৰীসকলক বিভিন্ন আঁচনিৰ সৈতে সুসমন্বয় ৰখাত সহায় কৰে৷ আধাৰে প্ৰণয়নকাৰী এজেন্সীসমূহক হিতাধিকাৰী পৰীক্ষণত সহায় কৰিব আৰু নিৰ্ধাৰিত লক্ষ্যত সেৱা প্ৰদানত নিশ্চিতি প্ৰদান কৰিব. এই সকলো কাৰ্যসূচীয়ে তলত দিয়াসমূহক প্ৰতিনিধিত্ব কৰেঃ

নিৰ্ধাৰিত লক্ষ্য প্ৰদানৰ জৰিয়তে ছিদ্ৰ নিৰ্মূলঃ:কল্যাণমূলক কাৰ্যসূচী যিবোৰত হিতাধিকাৰীসকলে সেৱা প্ৰদানৰ পূৰ্বে ইউআইডিএআইৰ পৰীক্ষণৰো সন্মুখীন হ’বলগীয়া হয়৷ ইয়ে ব্যৱস্থাৰ ছিদ্ৰ ৰোধ কৰাৰ লগতে প্ৰকৃত হিতাধিকাৰীয়ে যাতে সেৱা লাভ কৰিব পাৰে তাৰ নিশ্চিতি প্ৰদান কৰে৷ উদাহৰণস্বৰূপে তেনে ধৰণৰ সহায়ৰ ভিতৰত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ (পিডিএছ) হিতাধিকাৰীসকলক খাদ্য আৰু কেৰ’চিন প্ৰদান, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিশ্চিত নিয়োগ আইন (এমজিএনৰেগা)ৰ হিতাধিকাৰীসকলৰ কৰ্মত উপস্থিতি ইত্যাদি

দক্ষতা আৰু কাৰ্যক্ষমতা বৃদ্ধিঃ: আধাৰ প্লেটফ’ৰ্মৰ যোগেদি শেষ পৰ্যন্ত পৰিষ্কাৰ তথ্য প্ৰদানৰ জৰিয়তে, চৰকাৰে অধিক দক্ষতা তথা কাৰ্যক্ষমতাৰে উন্নয়নমূলক পুঁজি বিতৰণৰ ব্যৱস্থা উন্নত কৰিব পাৰে আৰু বিতৰণ ব্যৱস্থাত দক্ষ মানৱ সম্পদৰ অন্তৰ্ভুক্তিৰে সেৱা প্ৰজানৰ নেটৱৰ্ক অধিক কাৰ্যক্ষম কৰি তুলিব পাৰে

আৱাসীসকলৰ বাবে

আধাৰ ব্যৱস্থাই সমূহ জনসাধাৰণৰ বাবে সমগ্ৰ দেশতে একক অনলাইন পৰিচয় পৰীক্ষণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে৷ এবাৰ পঞ্জীয়ন হোৱাৰ পিছত আৱাসীসকলে এই নম্বৰটো বিভিন্ন বাৰ ইলেক্ট্ৰনিক মাধ্যমেৰে ব্যৱহাৰ কৰিব পাৰে৷ আৱাসীসকলে বেংক একাউণ্ট, চালক অনুজ্ঞাপত্ৰ আদি সেৱা প্ৰাপ্ত কৰাৰ সময়ত প্ৰত্যেকবাৰে প্ৰদান কৰিবলগীয়া সহায়ক পৰিচয় তথ্যসমূহ প্ৰদান কৰাৰ বিপৰীতে ই এই সমস্যা নোহোৱা কৰে৷ লৈ ফুৰিব পৰা পৰিচয়ৰ প্ৰমাণৰ প্ৰদানৰ জৰিয়তে আধাৰ প্ৰমাণীকৰণ অনলাইনত যিকোনো সময়তে, যিকোনো স্থানতে পৰীক্ষণ কৰিব পাৰে, আধাৰ ব্যৱস্থাই অযুত সংখ্যক মানুহ যি দেশৰ এঠাইৰ পৰা আনঠাইলৈ ভ্ৰমণ কৰি থাকে তেওঁলোকলৈ গতিশীলতাৰ সুবিধা প্ৰদান কৰে