অনুৰোধকাৰী উপাদানসমূহ (এইউএ আৰু কেইউএ)

পৰিচয়

আধাৰ আইন ২০১৬ অনুসৰি এটা অনুৰোধকাৰী উপাদান হ’ল এটা সংস্থা অথবা এজন ব্যক্তি যি ব্যক্তিবিশেষৰ আধাৰ নম্বৰ আৰু ডেম’গ্ৰাফিক বা বায়’মেট্ৰিক তথ্য কেন্দ্ৰীয় পৰিচয় তথ্য ভাণ্ডাৰ (চিআইডিআৰ)ত প্ৰমাণীকৰণৰ বাবে প্ৰদান কৰে৷

প্ৰমাণীকৰণ ব্যৱহাৰকাৰী সংস্থা (এইউএ) হ’ল এটা উপাদান যি আধাৰ নম্বৰৰ গৰাকীক আধাৰভিত্তিক সেৱা প্ৰমাণীকৰণ সেৱা সংস্থা (এএছএ)ৰ প্ৰমাণীকৰণ সুবিধা ব্যৱহাৰ কৰি প্ৰদান কৰে৷ একোটা এইউএ চৰকাৰী/ৰাজহুৱা/ভাৰতত পঞ্জীকৃত ব্যক্তিগত আইনী সংস্থাও হ’ব পাৰে যি ইউআইডিএআইৰ আধাৰ প্ৰমাণীকৰণ সেৱা ব্যৱহাৰ কৰে আৰু ইয়াৰ সেৱা/ব্যৱসায়িক কৰ্ম সক্ৰিয় কৰিবলৈ প্ৰমাণীকৰণৰ অনুৰোধ প্ৰেৰণ কৰে৷

উপ এইউএসমূহ হ’ল একোটা সংস্থা যি আধাৰ প্ৰমাণীকৰণ ব্যৱহাৰ কৰি এটা বিদ্যমান অনুৰোধকাৰী উপাদানৰ জৰিয়তে ইয়াৰ সেৱা সক্ৰিয় কৰে৷

এটা অনুৰোধকাৰী উপাদানে (যেনে এইউএ, কেইউএ) এটা এএছএ (নিজে এএছএ হৈ অথবা বিদ্যমান এএছএৰ সেৱাক ঠিকা প্ৰদান কৰি)ৰ জৰিয়তে চিআইডিআৰক সংযোগ কৰে৷

লাইভ এইউএৰ তালিকা

লাইভ কেইউএৰ তালিকা

অনুৰোধকাৰী উপাদানৰ নিযুক্তি (প্ৰমাণীকৰণ ব্যৱহাৰকাৰী সংস্থা আৰু ই-কেৱাইচি ব্যৱহাৰকাৰী সংস্থা)

  • যিবোৰ সংস্থাই অনুৰোধকাৰী উপাদান হিচাপে কাম কৰিব বিচাৰে তেওঁলোকে এই উদ্দেশ্যে কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্ধাৰিত নিয়মানুসৰি অনুৰোধকাৰী উপাদানৰ নিযুক্তিৰ বাবে কৰ্তৃপক্ষই প্ৰদান কৰা প্ৰমাণীকৰণ সুবিধা ব্যৱহাৰ কৰি আবেদন কৰিব পাৰে৷ খণ্ড ক ৰ মানদণ্ড পূৰণ কৰা উপাদানসমূহেহে আবেদনৰ বাবে যোগ্য৷ কৰ্তৃপক্ষই সময় বিশেষে খণ্ড ক ৰ সংশোধনীৰ বাবে প্ৰস্তাৱনা গ্ৰহণ কৰিব পাৰে৷
  • কৰ্তৃপক্ষই পৰৱৰ্তী তথ্য নিশ্চিতি হোৱাৰ বাবে আবেদন বিচাৰিব পাৰে যি প্ৰমাণীকৰণ সেৱা সংস্থাৰ কাৰ্যকলাপৰ সৈতে জড়িত আৰু এয়া কৰ্তৃপক্ষৰ দ্বাৰা আবেদন গ্ৰহণ বা অগ্ৰাহ্য কৰাৰ বাবে প্ৰয়োজনীয় হ’বও পাৰে৷
  • আবেদনকাৰীয়ে তেনে তথ্য কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা সময়সীমাৰ ভিতৰত কৰ্তৃপক্ষই সন্তুষ্ট হোৱাকৈ প্ৰদান কৰিব৷
  • আবেদন বিবেচনা কৰাৰ মুহূৰ্তত আবেদনকাৰীয়ে প্ৰদান কৰা তথ্য আৰু ইয়াৰ যোগ্যতাসমূহ কৰ্তৃপক্ষই তথ্যসমূহ, আন্তঃগাঁথনি আৰু আবেদনকাৰীৰ থাকিবলগীয়া প্ৰযুক্তিগত সমৰ্থনসমূহ শাৰীৰিকভাৱে পৰীক্ষা কৰিব পাৰে৷
  • আবেদন, নথি-পত্ৰ, আবেদনকাৰীয়ে প্ৰদান কৰা তথ্য আৰু ইয়াৰ যোগ্যতা বৈধতাকৰণ কৰাৰ পিছত কৰ্তৃপক্ষইঃ
    ক) প্ৰমাণীকৰণ সেৱা সংস্থাৰ বাবে আবেদন মঞ্জুৰ কৰিব পাৰে আৰু
    খ) এএছএয়ে ব্যৱহাৰ কৰা চৰ্ত আৰু চুক্তি অনুসৰি উপাদান অথবা সংস্থাটোৰ সৈতে উপযুক্ত চুক্তিত প্ৰৱেশ কৰিব পাৰে য’ত ক্ষতি, দায়িত্ব প্ৰদৰ্শনত দেখুওৱা অপাৰদৰ্শিতাৰ ফলত অসন্তোষ আদি অন্তৰ্ভুক্ত থাকে৷
  • কৰ্তৃপক্ষই সময় বিশেষে উপাদানে তেওঁলোকৰ নিযুক্তিৰ সময়ত পৰিশোধ কৰিবলগীয়া ধনৰ মূল্য নিৰ্ধাৰণ কৰিব পাৰে য’ত একক প্ৰমাণীকৰণ লেনদেনৰ বাবে মূল্য, আবেদন মূল্য, বাৰ্ষিক ছাবক্ৰিপছন মূল্য আদি অন্তৰ্ভুক্ত থাকে৷

বাধ্যতামূলক প্ৰয়োজনীয় সুৰক্ষা

  • আধাৰ নম্বৰ কেতিয়াও ডমেইন বিশিষ্ট চিনাক্তকৰণৰ বাবে ব্যৱহাৰ হ’ব নালাগে৷
  • অপাৰেটৰ সমৰ্থিত ডিভাইচৰ বাবে, অপাৰেটৰসমূহ পাছৱৰ্ড, আধাৰ প্ৰমাণীকৰণ ইত্যাদি প্ৰণালীৰ মাজেৰে স্বীকৃত হ’ব লাগে৷
  • আধাৰ প্ৰমাণীকৰণৰ বাবে গ্ৰহণ কৰা ব্যক্তিগত চিনাক্তকৰণ তথ্য (পিআইডি)ৰ ব্ল’ক গ্ৰহণৰ সময়তে এনক্ৰিপ্ট হ’ব লাগে তথা ইয়াক নেটৱৰ্কৰ জৰিয়চে কেতিয়াও প্ৰেৰণ কৰিব নালাগে৷
  • পিআইডিৰ এনক্ৰিপ্টেড ব্ল’কসমূহ কেতিয়াও সঞ্চিত হ’ব নালাগে যেতিয়ালৈ ই শেহতীয়াকৈ ২৪ ঘণ্টালৈ কনফিগাৰ কৰা অনুসৰি কম সময়ৰ বাবে বাফাৰ অনুমোদিত নহয়৷
  • আধাৰ প্ৰমাণীকৰণৰ বাবে গ্ৰহণ কৰা বায়’মেট্ৰিক আৰু অ’টিপি তথ্য কেতিয়াও স্থায়ী সঞ্চয় ভাণ্ডাৰ বা ডাটাবেছত ৰাখিব নালাগে৷
  • মেটাডাটা আৰু সঁহাৰিসমূহ অ’ডিটৰ বাবে লিপিৱদ্ধ কৰি ৰাখিব লাগে৷
  • এইউএ আৰু এএছএৰ মাজৰ নেটৱৰ্ক সুৰক্ষিত হ’ব লাগে৷

অনুৰোধকাৰী উপাদানসমূহ (এইউএ/কেইউএ)ৰ দায়িত্ব আৰু ডাটা নিৰাপত্তা

অনুৰোধকাৰী উপাদানসমূহ (এইউএ/কেইউএ)ৰ দায়িত্ব আৰু ডাটা নিৰাপত্তাৰ বাবে আধাৰ আইন, ২০১৬ আৰু ইয়াৰ নিয়ামকসমূহৰ প্ৰসংগ আনিব পাৰি৷