আধাৰ প্ৰতীক চিহ্ন

ধাৰণা আৰু প্ৰতীক চিহ্ন

আধাৰ হ’ল বিশিষ্ট পৰিচয় নম্বৰ (ইউআইডি)ৰ ব্ৰেণ্ড নাম৷ এই কাৰ্যসূচীটোৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ইউআইডিএআইয়ে ইয়াৰ নাম আৰু প্ৰতীক চিহ্ন নিৰ্ধাৰণ কৰিছে

আধাৰ ব্ৰেণ্ড (পূৰ্বে ইয়াক ‘ইউআইডি’ বোলা হৈছিল) আৰু প্ৰতীক চিহ্ন দুয়োটাই ইউআইডিএআইৰ প্ৰয়োজনীয়তাৰ সাৰমৰ্ম আৰু মূল নীতিক দেশৰ জনগণৰ আগত প্ৰতিনিধিত্ব কৰিছে- যে ভাৰতৰ প্ৰতিজন আবাসীক একোটা বিশিষ্ট পৰিচয় নম্বৰ প্ৰদান যি আবাসীজনৰ ডেম’গ্ৰাফিক আৰু বায়’মেট্ৰিক তথ্যৰ সৈতে সংবদ্ধ হোৱাৰ জৰিয়তে দেশৰ যিকোনো স্থানত নিজৰ পৰিচয় প্ৰদান কৰাৰ উপৰিও অন্যান্য সুবিধা তথা সেৱা প্ৰাপ্ত কৰিব পাৰিব

আধাৰৰ অনুবাদ কৰিলে ‘ভেটি’ অথবা ‘সমৰ্থন’ এই দুটা শব্দ বুজায়৷ এই শব্দটো ভাৰতৰ প্ৰায়ভাগ ভাষাতে ব্যৱহাৰ হয় আৰু সেয়ে ইয়াক ইউআইডিএআইৰ কাৰ্যসূচীৰ বাবে সমগ্ৰ দেশতে ব্ৰেণ্ডিং আৰু যোগাযোগৰ বাবে ব্যৱহাৰ কৰি কৰা হৈছে

পৰৱৰ্তী পৰ্যায়ত আধাৰে বিশিষ্ট আৰু কেন্দ্ৰীয়, অনলাইন পৰিচয়ৰ বৈধতাকৰণ প্ৰদানৰ অংগীকাৰৰ জৰিয়তে বিভিন্ন সেৱা আৰু আবেদন তথা বজাৰত এক বৃহৎ যোগাযোগ ব্যৱস্থা প্ৰদানৰ ভিত্তি হিচাপে পৰিগণিত হ’ব৷

আধাৰে আবাসীসমূহক দেশৰ যিকোনো স্থানত, যিকোনো সময়তে সেৱা আৰু সুবিধা গ্ৰহণৰ সক্ষমতা প্ৰদান কৰে

ব্ৰেণ্ড নিৰ্দেশনা

আধাৰ প্ৰতীক চিহ্ন সম্পুৰ্ণ বৰ্গীয় নহয়৷ প্ৰতীক চিহ্নৰ বহলটো উচ্চতাতকৈ সামান্য বেছি আৰু এইটো প্ৰয়োজনীয় যে ইয়াক শুদ্ধ ৰূপত উপস্থাপন কৰা হয় যদিও ব্ৰেণ্ড ইমেজ ধৰি ৰখাটো জটিল। সদায়ৰ বাবে প্ৰতীক চিহ্ন নিৰূপণৰ সমানুপাতিক জোখৰ নক্সা তলত দিয়া হ’ল

Aadhaar Logo