আধাৰৰ তথ্য উন্নীতকৰণ

Registered Mobile Number

আধাৰৰ অনলাইন সেৱা লাভৰ বাবে পঞ্জীকৃত ম’বাইল নম্বৰ প্ৰয়োজনীয়

আপুনি পঞ্জীয়নৰ সময়ত প্ৰদান কৰা অথবা আধাৰৰ বিৱৰণ উন্নীতকৰণ কৰাৰ সময়ত আপোনাৰ ম’বাইল নম্বৰ বৈধতাকৰণ কৰিব পাৰে৷

আধাৰ পঞ্জীয়নৰ সময়ত যদি আপুনি ম’বাইল নম্বৰ পঞ্জীয়ন কৰা নাই, তেন্তে আপুনি ইয়াক পঞ্জীয়ন কৰিবলৈ স্থায়ী পঞ্জীয়ন কেন্দ্ৰ পৰিদৰ্শন উচিত হ’ব৷

বিভিন্ন চৰকাৰী-বেচৰকাৰী সেৱা, সাহায্য লাভালাভ, পেন্সন, বৃত্তি, সামাজিক লাভ, বেংক সেৱা, বীমা সেৱা, কৰ সেৱা, শিক্ষা, নিয়োগ, স্বাস্থ্যসেৱা ইত্যাদিত আধাৰৰ প্ৰয়োজন সক্ৰিয় হোৱাৰ বাবে চিআইডিআৰত সঞ্চিত আৱাসীসকলৰ তথ্য শুদ্ধ আৰু উন্নীতকৰণ কৰাটো প্ৰয়োজন

ডেম’গ্ৰাফিক তথ্য উন্নীতকৰণ, এয়া প্ৰয়োজন হ’ব পাৰে

  • বিবাহ আদিৰ ফলত আবাসীৰ ডেম’গ্ৰাফিক তথ্য যেনে নাম আৰু ঠিকনা সলনি হ’ব পাৰে৷ ঠিকনা আৰু ম’বাইল নম্বৰ স্থান পৰিৱৰ্তনৰ বাবেও সলনি হ’ব পাৰে৷ আবাসীসকলে তেওঁলোকৰ সম্পৰ্কীয়ৰ ঠিকনা বিবাহ, মৃত্যু আদিৰ বাবেও পৰিৱৰ্তন কৰিব বিচাৰে৷ অতিৰিক্তভাৱে আবাসীসকলে ব্যক্তিগত কাৰণতো তেওঁলোকৰ ম’বাইল নম্বৰ, ইমেইল ঠিকনা পৰিৱৰ্তন কৰিব বিচাৰে.
  • বিভিন্ন সেৱাৰ পৰিৱৰ্তনেও আবাসীসকলক পৰিৱৰ্তনৰ অনুৰোধ প্ৰেৰণৰ বাবে বাধ্য কৰিব পাৰে আৰু চিআইডিআৰত ম’বাইল নম্বৰ সংযোগৰ বাবে ইত্যাদি
  • পঞ্জীকৰণৰ সময়চোৱাত আবাসীৰ ডেম’গ্ৰাফিক তথ্য আহৰণত ক্ৰুটি থাকিব পাৰে৷ ‘‘জন্মৰ তাৰিখ/বয়স’’ আৰু ‘‘লিংগ’’ৰ ক্ষেত্ৰ পৰিৱৰ্তন পঞ্জীয়ন ক্ৰুটি হিচাপে সাধাৰণতে আশা কৰা যায়
  • যিহেতু আবাসীয়ে ভাৰতৰ যিকোনো স্থানতে পঞ্জীয়ন কৰাব পাৰে, এনেকুৱা হ’ব পাৰে যে ‘ক’ ভাষা কোৱা আবাসী এজনে ‘খ’ ভাষা কোৱা অপাৰেটৰৰ দ্বাৰা পঞ্জীয়ন কৰালে আবাসীজনৰ স্থানীয় ভাষা ‘খ’ও অন্তৰ্ভুক্ত কৰাব পাৰে৷ পৰৱৰ্তী পৰ্যায়ত আবাসীগৰাকীয়ে তেওঁৰ পঞ্জীয়নৰ স্থানীয় ভাষা অন্য এটালৈ পৰিৱৰ্তন কৰাব পাৰে৷ যদি তেনেকুৱা হয়, আধাৰত ছপা হোৱা ডেম’গ্ৰাফিক তথ্যত পুনৰ নতুন স্থানীয় ভাষাৰ উন্নীতকৰণৰ প্ৰয়োজন হয়
  • ইউআইডিএআইয়েও পঞ্জীয়ন/উন্নীতকৰণৰ সময়ত সংগৃহীত পিঅ’আই, পিঅ’এ তথা অন্যান্য তথ্যৰ উপলদ্ধতাৰ নিশ্চিতি বিচাৰিব পাৰে আৰু ইয়াৰ গুণগত পৰীক্ষা কৰি আবাসীক পুনৰ তেওঁৰ ডেম’গ্ৰাফিক তথ্য উন্নীতকৰণৰ বাবে জাননী প্ৰেৰণ কৰিব পাৰে৷

বায়’মেট্ৰিক তথ্য উন্নীতকৰণ, এয়া প্ৰয়োজন হ’ব পাৰে

  • প্ৰাৰম্ভিক পঞ্জীকৰণৰ সময়ত বয়স ৫ত কৈ কম হ’লে- শিশুটিৱে ৫ বছৰ প্ৰাপ্ত হ’লে পুনৰ বাৰ পঞ্জীকৃত হোৱা উচিত আৰু সকলো বায়’মেট্ৰিক তথ্য প্ৰদান কৰা প্ৰয়োজন৷ এই ক্ষেত্ৰত শিশুটিৰ অদ্বিতীয়কৰণ কৰা হয়৷ এই অনুৰোধ প্ৰকৃত আধাৰ নম্বৰৰ প্ৰাপ্তিৰ বাবে নতুন অনুৰোধৰ সমতুল্য হয়
  • ৫ৰ পৰা ১৫ বছৰীয়া শিশু পঞ্জীকৰণৰ সময়ত- আৱাসীগৰাকীয়ে ১৫ বছৰ প্ৰাপ্ত হোৱাৰ লগে লগে সকলো বায়’মেট্ৰিক তথ্য উন্নীতকৰণৰ বাবে প্ৰদান কৰিব লাগে
  • ১৫ বছৰৰ ওপৰৰ সকলে পঞ্জীকৰণৰ বাবে- আৱাসীসকলক প্ৰত্যেক ১০ বছৰৰ মূৰে মূৰে তেওঁলোকৰ বায়’মেট্ৰিক তথ্য উন্নীতকৰণ কৰি থাকিবলৈ অনুৰোধ জনোৱা হ’ল৷
  • বায়’মেট্ৰিক বিষমতাৰ অন্য কাৰণসমূহ হ’ল দূৰ্ঘটনা অথবা অসুখ
  • যিহেতু আধাৰৰ অনুমোদন সৰ্বব্যাপী স্বীকৃত হয়, আৱাসীসকলে অনুমোদন ব্যৰ্থতাৰ বাবে বায়’মেট্ৰিক উন্নীতকৰণৰ বাবে আগবাঢ়িব লাগে(ইয়াক কোৱা হয় মিথ্যা অগ্ৰাহ্য-য’ত এগৰাকী প্ৰকৃত আৱাসীৰ বৈধ আধাৰ নম্বৰ ভুলকৈ অগ্ৰাহ্য হয়), য’ত পঞ্জীকৰণৰ সময়ত ভুল বায়’মেট্ৰিক গ্ৰহণ অথবা দুৰ্বল বায়’মেট্ৰিক গুণগত গ্ৰহণ হ’ব পাৰে৷ প্ৰযুক্তিৰ উন্নতিৰ লগে লগে, চিআইডিআৰত উন্নত মানৰ বায়’মেট্ৰিক গ্ৰহণ কৰাটো সম্ভৱপৰ হৈছে
  • ইউআইডিএআইয়ে পঞ্জীকৰণ/উন্নীতকৰণৰ সময়চোৱাত বায়’মেট্ৰিকৰ গুণগত পৰীক্ষা কৰিব পাৰে আৰু বাধা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷ যিসকল আৱাসীৰ বায়’মেট্ৰিক ইউআইডিএআয়ে স্থগিত কৰিছে, তেওঁলোকক পিছত বায়’মেট্ৰিক উন্নীতকৰণৰ বাবে ইউআইডিএআইয়ে সূচিত কৰিব পাৰে

আধাৰৰ তথ্য যি উন্নীতকৰণ কৰিব পাৰিঃ

ডেম’গ্ৰাফিক তথ্য

নাম, ঠিকনা, জন্মৰ তাৰিখ/বয়স, লিংগ, ম’বাইল নম্বৰ, ইমেইল ঠিকনা, সম্বন্ধৰ স্থিতি আৰু তথ্য বিনিময়ৰ অনুমোদন

বায়’মেট্ৰিক তথ্য

মণিবলয়, আঙুলিৰ চাপ আৰু মুখমণ্ডলৰ আলোকচিত্ৰ

ইউআইডিএআইয়ে ১৮টা পিঅ’আই (চিনাক্তকৰণৰ প্ৰমাণ)তথা ৩৩টা পিঅ’এ (ঠিকনাৰ প্ৰমাণ)ৰ উন্নীতকৰণৰ তথ্য গ্ৰহণ কৰে৷ ৰাষ্ট্ৰীয়ভাৱে স্বীকৃত তথ্যৰ তালিকা জনাৰ বাবে অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক

উন্নীতকৰণৰ পৰ্যায়

1. স্ব-সেৱা পৰ্যায়

স্ব-সেৱা অনলাইন পদ্ধতিৰ জৰিয়তে আৱাসীসকলে তেওঁলোকৰ ডেম’গ্ৰাফিক তথ্য প্ৰত্যক্ষভাৱে প’ৰ্টেলত উন্নীতকৰণৰ বাবে আৱেদন জনাব পাৰে৷ প’ৰ্টেলত প্ৰৱেশ কৰাৰ বাবে আৱাসীগৰাকীৰ আধাৰ নম্বৰ আৰু পঞ্জীকৃত ম’বাইল নম্বৰৰ প্ৰয়োজন হয়৷ আৱাসীগৰাকীয়ে তেওঁৰ পঞ্জীকৃত ম’বাইলত অ’টিপি প্ৰাপ্ত কৰে৷ উন্নীতকৰণৰ পৰ্যায় সম্পূৰ্ণ কৰিবলৈ, আৱাসীগৰাকীয়ে স্ব-প্ৰত্যয়িত পিঅ’আই/পিঅ’এ তথ্য আপলোড কৰিব লাগে, যি পিছৰ পৰ্যায়ত ইউআইডিএআইৰ পচ্ছাদ কাৰ্যালয়ত নিৰীক্ষকৰ দ্বাৰা পৰীক্ষা কৰা হয়৷ এই সেৱা প্ৰাপ্ত কৰিবলৈ আৱাসীগৰাকীয়ে তেওঁৰ ম’বাইল নম্বৰ আধাৰৰ সৈতে পঞ্জীয়ন কৰিব লাগে

Using self-service Update Portal for online Aadhaar Data Update: Step 1 - Login to SSUP portal using Aadhaar and OTP, Step 2 - Select the fields to be updated, Step 3 - Fill the data in the selected fields, Step 4 - Submit the form & URN will be generated, Step 5 - Select the BPO for review of update, Step 6 - Attach original scanned copy of the support document, Step 7 - Using the URN check Aadhaar update status

2. By Visiting Permanent Enrolment Centre

These are modes where residents place the demographic/biometric update request with the help of an operator at an Permanent Enrolment Centre. In such a case, the documentary evidence is collected by the operator at the time of accepting the request. The document verification by the verifier also happens at the time of placing the Update request. UIDAI currently has envisaged three modes for Assisted Updates:

a. ক্লায়েণ্ট মানদণ্ড উন্নীতকৰণ

ক্ষেত্ৰ:সকলো বায়’মেট্ৰিক আৰু ডেম’গ্ৰাফিক ক্ষেত্ৰ লগতে স্থানীয় ভাষাও উন্নীতকৰণ কৰিব পাৰে৷

পৰিচয় প্ৰমাণীকৰণ বায়’মেট্ৰিক পচ্ছাদ পৰ্যায়ত পৰীক্ষণ হয়৷

তথ্যৰ পৰীক্ষণ

  • য’ত তথ্যৰ প্ৰমাণৰ প্ৰয়োজন হয় তাতে পৰীক্ষণ সম্পন্ন হয়৷
  • ইউআইডিএআই/ৰেজিষ্ট্ৰাৰৰ দ্বাৰা নিযুক্ত পৰীক্ষকে পঞ্জীয়ন/উন্নীতকৰণ কেন্দ্ৰত পৰীক্ষণ সম্পন্ন কৰে৷
  • পৰীক্ষণ পৰ্যায় ডিডিএছভিপি কমিটিৰ অনুমোদন অনুসৰি পঞ্জীয়নৰ সময়চোৱাত হোৱা উচিত৷

আবেদন পূৰণ আৰু প্ৰাপ্তি স্বীকাৰ

  • আবাসীৰ দ্বাৰা কৰা অনুৰোধ উন্নীতকৰণ ক্লায়েণ্টত অপাৰেটৰৰ দ্বাৰা সম্পন্ন হয়৷ তেওঁ বানান পৰীক্ষণ, ভাষাৰ সমস্যা, লিপ্যন্তৰ আদি সম্পন্ন কৰে৷ অপাৰেটৰে প্ৰতিটো উন্নীতকৰণৰ আবেদনৰ বিপৰীতে বায়’মেট্ৰিত স্বাক্ষৰ প্ৰদান কৰিব৷

আবাসীয়ে অনুসৰণ কৰিব পৰাকৈ উন্নীতকৰণ অনুৰোধ নম্বৰ (ইউআৰএন)ৰ প্ৰাপ্তি স্বীকাৰ পত্ৰ লাভ কৰিব৷

Biometric Update Process: Step 1 - Filling Application Form, Step 2 - Manual Verification of proof, Step 3 - Entry of Data into client software by operator, Step 4 - Biometric Authentication by Resident, Step 5 - Operator & Supervisor's Confirmation, Step 6 - Acknowledgement of Receipt

b. ক্লায়েণ্ট লাইট উন্নীতকৰণ (ইউচিএল)

ক্ষেত্ৰ : সকলো ডেম’গ্ৰাফিক ক্ষেত্ৰ আৰু ফটো লগতে স্থানীয় ভাষাও উন্নীতকৰণ কৰিব পাৰে৷

ৰেজিষ্ট্ৰাৰ/এইউএঃ সকলো ৰেজিষ্ট্ৰাৰ আৰু কেইউএৰ

পৰিচয় প্ৰমাণীকৰণঃ আবাসীৰ বায়’মেট্ৰিক প্ৰমাণীকৰণ৷

তথ্যৰ পৰীক্ষণ

  • য’ত তথ্যৰ প্ৰমাণৰ প্ৰয়োজন হয় তাতে পৰীক্ষণ সম্পন্ন হয়৷
  • ইউআইডিএআই/ৰেজিষ্ট্ৰাৰৰ দ্বাৰা নিযুক্ত পৰীক্ষকে পঞ্জীয়ন/উন্নীতকৰণ কেন্দ্ৰত পৰীক্ষণ সম্পন্ন কৰে৷
  • পৰীক্ষণ পৰ্যায় ডিডিএছভিপি কমিটিৰ অনুমোদন অনুসৰি পঞ্জীয়নৰ সময়চোৱাত হোৱা উচিত৷

আবেদন পূৰণ আৰু প্ৰাপ্তি স্বীকাৰ

  • আবাসীৰ দ্বাৰা কৰা অনুৰোধ উন্নীতকৰণ ক্লায়েণ্টত অপাৰেটৰৰ দ্বাৰা সম্পন্ন হয়৷ আবাসীয়ে অনুসৰণ কৰিব পৰাকৈ উন্নীতকৰণ অনুৰোধ নম্বৰ (ইউআৰএন)ৰ প্ৰাপ্তি স্বীকাৰ পত্ৰ লাভ কৰিব৷ অপাৰেটৰে প্ৰতিটো উন্নীতকৰণৰ আবেদনৰ বিপৰীতে বায়’মেট্ৰিত স্বাক্ষৰ প্ৰদান কৰিব৷

 

c. এইউএ পইণ্ট অৱ প্ৰেজেন্সৰ জৰিয়তে উন্নীতকৰণ

এই পদ্ধতি বাচনি কৰা ৰেজিষ্ট্ৰাৰ যি এইউএয়ো হ’ব তেওঁৰ দ্বাৰা ব্যৱহৃত হ’ব৷ ইউআইডিএআইয়ে উন্নীতকৰণৰ বাবে আবেদন/এপিআই প্ৰদান কৰিব৷ উন্নীতকৰণৰ বাবে বাচনি কৰা ৰেজিষ্ট্ৰাৰক সেই বিশেষ ক্ষেত্ৰৰ ডেম’গ্ৰাফিক তথ্যৰ পৰ্যৱেক্ষক আৰু সংগ্ৰহ/পৰ্যায়কৰণ/অথবা পৰিচালনা আদিৰ ৰেজিষ্ট্ৰাৰ হিচাপে পৰিচিত হ’ব৷

ক্ষেত্ৰঃ ডেম’গ্ৰাফিক ক্ষেত্ৰ

পৰিচয় প্ৰমাণীকৰণঃ এইউএৰ ডিভাইচত আবাসীৰ বায়’মেট্ৰিক প্ৰমাণীকৰণ; প্ৰয়োজন অনুসাৰে ইউআইডিএআইয়ে অন্য/অতিৰিক্ত প্ৰমাণীকৰণ তথ্য ব্যৱহাৰৰ সিদ্ধান্তও ল’ব পাৰে৷ উদাহৰণ স্বৰূপে, এই পদ্ধতিত অনুৰোধ গ্ৰহণৰ বাবে ম’বাইল অ’টিপি৷

অপাৰেটৰে প্ৰতিটো উন্নীতকৰণৰ আবেদনৰ বিপৰীতে বায়’মেট্ৰিত স্বাক্ষৰ প্ৰদান কৰিব৷ সেয়ে তেওঁলোকৰ আধাৰ থকাটো বাধ্যতামূলক৷ ব্যৱহৃত ডিভাইচৰ বাবে ইউআইডিএআইৰ প্ৰমাণীকৰণ মানদণ্ড প্ৰযোজ্য হ’ব৷

তথ্যৰ পৰীক্ষণঃ ইউআইডিএআইয়ে ৰেজিষ্ট্ৰাৰৰ পৰীক্ষণৰ প্ৰক্ৰিয়া আৰু আবাসীৰ প্ৰমাণীকৰণৰ উন্নীতকৰণ গ্ৰহণ কৰিব৷ অ’ডিটৰ বাবে, অনলাইনযোগে ইলেক্ট্ৰ’নিক/স্কেন কৰা তথ্যৰ প্ৰতিলিপি সংগৃহীত হ’ব পাৰে৷ এই তথ্যৰ প্ৰতিলিপি প্ৰতিটো শ্ৰেণীৰ অনুৰোধ উন্নীতকৰণৰ নম্বৰ, তাৰিখ আৰু সময়ৰ বিপৰীতে প্ৰত্যেক আবাসীৰ অনুৰোধত গ্ৰহণ আৰু প্ৰাপ্ত হ’ব পাৰে৷

আবেদন পূৰণ আৰু প্ৰাপ্তি স্বীকাৰ

  • ৰেজিষ্ট্ৰাৰৰ অপাৰেটৰ (কৰ্মচাৰী/বাহিৰৰ পৰা নিযুক্ত কৰা)ৰ দ্বাৰা বায়’মেট্ৰিক বৈশিষ্টযুক্ত ডিভাইচ যেনে মাইক্ৰ’ এটিএমৰ দ্বাৰা সম্পন্ন হয়৷ আবাসীয়ে অনুসৰণ কৰিব পৰাকৈ উন্নীতকৰণ অনুৰোধ নম্বৰ (ইউআৰএন)ৰ প্ৰাপ্তি স্বীকাৰ পত্ৰ লাভ কৰিব৷ এই প্ৰাপ্তি স্বীকাৰ অনুৰোধৰ ওপৰত নিৰ্ভৰ কৰি ছপা ৰচিদ/বা এছএমএছ/বা ইমেইলো হ’ব পাৰে৷ উদাহৰণ স্বৰূপে, ম’বাইল নম্বৰ উন্নীতকৰণৰ বাবে প্ৰাপ্তি স্বীকাৰ প্ৰদান কৰা ম’বাইল নম্বৰত আহিব পাৰে৷ এপিআইৰ একে সময়তে ইলেক্ট্ৰ’নিকভাৱে কাৰ্যকৰী কৰাৰ ব্যৱস্থাও থাকিব লাগে৷
    ছপা ৰচিদ৷ নিয়ামকে উন্নীতকৰণৰ অনুৰোধ লোৱাৰ শেষত ছপা ৰচিদো প্ৰয়োজন অনুসাৰে প্ৰদান কৰিব পাৰে৷