আধাৰৰ পৰ্যায়

আধাৰৰ পৰ্যায় যেনে গুণগত পৰীক্ষণ, পেকেট পৰীক্ষণ, ডেম’গ্ৰাফিক তথা বায়’মেট্ৰিক অদ্বিতীয়কৰণ ইত্যাদি সফলতাৰে সম্পন্ন হয় যদিহেঃ

  • ইউআইডিএআইৰ দ্বাৰা নিৰ্ধাৰিত মানদণ্ড অনুসৰি পঞ্জীয়নৰ গুণগততাৰ নিশ্চিতি কাৰ্যকৰী হয়
  • চিআইডিআৰত সকলো পঞ্জীয়নৰ পেকেট যদি বৈধতাকৰণ পৰ্যায়ত উত্তীৰ্ণ হয়
  • কোনো ডেম’গ্ৰাফিক/বায়’মেট্ৰিক নকল পোৱা নাযায়

ওপৰত উল্লিখিত চৰ্তসমূহৰ যিকোনো এটাও যদি প্ৰযোজ্য নহয় তেন্তে আৱাসীজনৰ আধাৰ পৰ্যায় স্তব্ধ কৰি ৰখা হ’ব পাৰে আৰু পঞ্জীয়ন অগ্ৰাহ্য হ’ব পাৰে৷আধাৰ পৰ্যায়ৰ বিভিন্ন প্ৰক্ৰিয়াসমূহ তলত বৰ্ণোৱা হৈছে

চিআইডিআৰলৈ তথ্য স্থানান্তৰ

প্ৰত্যকে আৱাসীৰে পঞ্জীয়ন ছফ্টৱেৰৰ একোটা পেকেট বুলি গণ্য কৰা হয়, যি কেন্দ্ৰীয় তথ্য ভাণ্ডাৰলৈ ক্লায়েণ্টত পঞ্জীয়ন সম্পূৰ্ণ হোৱাৰ পিছত এনক্ৰিপ্টেড হয় আৰু ইউআইডিএআইৰ দ্বাৰা প্ৰদান কৰা উন্নীতকৰণ ক্লায়েণ্টৰ দ্বাৰা কেন্দ্ৰীয় তথ্য ভাণ্ডাৰ (চিআইডিআৰ)ত আপলোড হয়৷ আপলোড হোৱা তথ্যৰ পেকেট ক্লায়েণ্ট ছফ্টৱেৰত ছাৰ্ভাৰলৈ নকল তথ্য স্থানান্তৰিত নহ’বলৈ যত্নেৰে ৰখা হয় যাতে সঞ্চয় আৰু অগ্ৰাহ্যত সময় খৰচ নহয়৷ ছাৰ্ভাৰলৈ স্থানান্তৰিত কৰা সকলো তথ্য সুৰক্ষিত ফাইল স্থানান্তৰ প্ৰ’ট’কলৰ জৰিয়তে সম্পন্ন কৰা হয় যাতে কোনো এজেন্সিতে তথ্যৰ ছিদ্ৰ থাকিব নোৱাৰে৷ আবাসীৰ পৰা প্ৰাপ্ত তথ্যসমূহ স্কেন কৰা হয় আৰু চিআইডিআৰত আপলোডৰ বাবে ই পঞ্জীয়ন পেকেটৰ অংশ হৈ পৰে

চিআইডিআৰ সদ্বিবেচনা পৰীক্ষণঃ চিআইডিআৰত প্ৰক্ৰিয়াকৰণৰ পূৰ্বে চিআইডিআৰ ডিএমজেড ব্যৱহাৰ কৰি স্বয়ংক্ৰিয় প্ৰক্ৰিয়াকৰণৰ জৰিয়তে প্ৰত্যেকটো পঞ্জীয়নৰ পেকেট এণ্টিভাইৰাছৰ ছফ্টৱেৰৰ সৈতে সম্পূৰ্ণৰূপে বৈধতা-চেকছাম, পেকেট মেটা তথ্যৰ পৰীক্ষণ কৰা হয়

তথ্যৰ আৰ্কাইভঃ চিআইডিআৰত প্ৰক্ৰিয়াকৰণৰ পূৰ্বে পঞ্জীয়নৰ পেকেটসমূহৰ তথ্য আৰ্কাইভৰ পূৰ্বে সুৰক্ষা নিশ্চিতকৰণৰ বাবে টেবুলত ৰখা হয়৷ আৰ্কাইভৰ প্ৰক্ৰিয়াত তলত দিয়াসমূহৰ প্ৰয়োজন হয়ঃ

  • সকলো প্ৰকৃত পেকেট (পঞ্জীয়ন, উন্নীতকৰণ ইত্যাদি) আৰ্কাইভড কৰা হয় যাতে ই ‘চিৰযুগমীয়া’, উপলব্ধতাৰ নিশ্চিতি তথা শূন্যমানৰ তথ্যলুপ্ত হয়
  • আৰ্কাইভ হোৱা পেকেটসমূহ সুৰক্ষিতভাৱে ৰখা হয় আৰু মূল পঞ্জীয়ন তথা প্ৰমাণীকৰণ ব্যৱস্থাৰ পৰা পৃথকে ৰখা হয়
  • আৰ্কাইভেল ব্যৱস্থা চাহিদা অনুসৰি প্ৰকৃত আহৰণ নিয়ন্ত্ৰণ প্ৰক্ৰিয়া তথা অনুমোদনৰ সৈতে তথ্য প্ৰাপ্তিৰ নিশ্চিতি দিয়া উচিত৷
  • শূন্য তথ্য বিলুপ্তিৰ বাবে নিয়মীয়াকৈ আৰ্কাইভড তথ্যৰ বেক আপ ৰখা হয়

প্ৰধান প্ৰক্ৰিয়াকৰণ পাইপলাইন

সদ্বিবেচনা পৰীক্ষণৰ পিছত, পঞ্জীয়নৰ পেকেটসমূহ প্ৰধান প্ৰক্ৰিয়াকৰণ পাইপলাইনলৈ প্ৰেৰণ কৰা হয়৷ উচ্চ স্তৰত তলত দিয়া পৰ্যায়সমূহ অন্তৰ্ভুক্ত হয়ঃ

স্বয়ংক্ৰিয় তথ্য বৈধতাকৰণঃ তলৰ পৰীক্ষণসমূহ চিআইডিআৰত ডেম’গ্ৰাফিক তথ্যৰ বাবে পৰীক্ষা কৰা হয়ঃ

  • নাম আৰু ঠিকনা বৈধতাকৰণ
  • লিপ্যন্তৰ বৈধতাকৰণ
  • ভাষাৰ বৈধতাকৰণ
  • পিনকোড আৰু প্ৰশাসনীয় অঞ্চল
  • অপাৰেটৰ, ছুপাৰভাইজৰ, পৰিচায়ক বৈধতাকৰণ

ডেম’গ্ৰাফিক অদ্বিতীয়কৰণঃ ডেম’গ্ৰাফিক অদ্বিতীয়কৰণ প্ৰধানকৈ নগণ্য নকলসমূহ(প্ৰতাৰণাপূ্ৰ্ণ ঘটনাসমূহ য’ত সকলো ডেম’গ্ৰাফিক ক্ষেত্ৰসমূহ অবিকল হয়)যি অসাৱধানপূৰ্বকভাৱে ছিষ্টেমত প্ৰদান কৰা হয় যেনে-যদি কোনো আৱাসীয়ে আধাৰ নম্বৰ প্ৰাপ্ত কৰা নাই তেনেহ’লে তেওঁ পুনৰ পঞ্জীকৰণৰ সিদ্ধান্ত লয়৷ ই ৫ বছৰৰ তলৰ শিশুৰো অদ্বিতীয়কৰণৰ বাবে ব্যৱহৃত হয় কিয়নো শিশুৰ বায়’মেট্ৰিক তথ্য ইউআইডিএআইৰ নিয়মানুসৰি আহৰণ কৰা নহয়৷ ডেম’গ্ৰাফিক অদ্বিতীকৰণৰ প্ৰধান লক্ষ্যই হ’ল যে এনেধৰণৰ ঘটনাসমূহ পৰিস্ৰাৱণ কৰা আৰু অগ্ৰাহ্যকৰণৰ ঘটনাসমূহ হ্ৰাস কৰা৷

মেনুৱেল গুণগত পৰীক্ষণঃ পঞ্জীকৃত পেকেটসমূহ মেনুৱেল গুণগত পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হয় য’ত বিভিন্ন গুণগত পৰীক্ষকে ডেম’গ্ৰাফিক তথ্য, ফটোৰ গুণগত সমস্যাসমূহ পৰীক্ষা কৰে৷ ইয়াত বিভিন্ন সদ্বিবেচনা পৰীক্ষা অন্তৰ্ভুক্ত হৈ থাকে যেনে আৱাসীসকলৰ চিত্ৰ-মানৱ চিত্ৰৰ অৱস্থিতি, লিংগ আৰু বয়স, লিংগ আৰু ফটোৰ ক্ৰুটি লগতে সংগৃহীত তথ্যৰ সমস্যা(লিপ্যন্তৰ ক্ৰুটি)৷

বায়’মেট্ৰিক অদ্বিতীয়কৰণঃ Oএবাৰ সকলো পেকেটৰ বৈধতাকৰণ সমাপ্ত হোৱাৰ পিছত, ইয়াক বায়’মেট্ৰিক অদ্বিতীয়কৰণৰ বাবে বায়’মেট্ৰিক ছাব-ছিষ্টেমলৈ প্ৰেৰণ কৰা হয়৷ ৩টা বিভিন্ন সেৱা প্ৰদানকাৰীৰ স্বয়ংক্ৰিয় বায়’মেট্ৰিক পৰিচয় ব্যৱস্থা (এবিআইএছ)ৰ জৰিয়তে উচ্চ স্তৰৰ শুদ্ধতা আৰু দক্ষতাৰ নিশ্চিতি কৰা হয়৷ সেৱা প্ৰদানকাৰীসকলৰ তেওঁলোকৰ শুদ্ধতা আৰু দক্ষতা অনুসৰি অনুপ্ৰেৰণামূলক মাননি প্ৰদান কৰা হয় যাতে তেওঁলোকে নিজৰ দক্ষতাৰ আৰু অধিক উন্নতি কৰিব পাৰে৷ এই ভেণ্ডৰসমূহক আবাসীৰ যিকোনো বায়’মেট্ৰিক লগতে প্ৰসংগ নম্বৰ (চিআইডিআৰত প্ৰস্তুত)আবাসীৰ পৰিচয় প্ৰকাশ নোপোৱাকৈ প্ৰদান কৰা হয়৷ এই এবিআইএছ ব্যৱস্থাই আবাসীৰ বায়’মেট্ৰিক তেওঁলোকৰ গেলেৰীত বিদ্যমান বায়’মেট্ৰিকৰ সৈতে সাদৃশ্য পাই নেকি পৰীক্ষা কৰি চায়৷

মেনুৱেল ন্যায়নিৰ্ণয়ঃ এবিআইএছ ছিষ্টেমৰ দ্বাৰা চিনাক্ত সকলো নকল তথ্য ন্যায়নিৰ্ণয় মাপাংকলৈ প্ৰেৰণ কৰা হয়৷ ইয়াৰ জৰিয়তে কোনো আৱাসীয়েই যাতে এবিআইএছ ছিষ্টেমৰ দ্বাৰা ভুৱা সদৃশতাৰ বলি হৈ অগ্ৰাহ্য নহয় তাৰ নিশ্চিতি প্ৰদান কৰা হয়৷

আধাৰ জাৰিকৰণ

আধাৰ নম্বৰ আৱাসীসকলৰ অদ্বিতীয়তা নিশ্চিত কৰিবলৈ প্ৰদান কৰা হয়৷ আৱাসীসকলৰ ডেম’গ্ৰাফিক তথ্য আধাৰ নম্বৰৰ সৈতে সন্নিৱিষ্ট থাকে যাতে ইয়াৰ জৰিয়তে চিনাক্ত আৰু ঠিকনাৰ প্ৰমাণ প্ৰাপ্ত কৰিব পাৰি৷ এই তথ্য অনুমোদন ছিষ্টেমলৈও প্ৰেৰণ কৰা হয় যাতে আৱাসীসকলৰ অনুমোদন প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন হয়৷

আধাৰৰ পত্ৰ প্ৰেৰণ

এবাৰ আধাৰ প্ৰস্তুত হোৱাৰ পিছত তথ্যসমূহ ছপা অংশীদাৰলৈ প্ৰেৰণ কৰা হয়৷ছপা অংশীদাৰী পত্ৰসমূহৰ (অনুসৰণ তথ্যসমূহকে ধৰি)ছপা তথা ইয়াক লজিষ্টিক অংশীদাৰীৰ হাতত সমৰ্পণ কৰাৰ বাবে দায়বদ্ধ হয়৷ লজিষ্টিক অংশীদাৰী (ভাৰতীয় ডাক) এই সমূহ পত্ৰ আৱাসীসকলক হাতে হাতে দিয়াৰ বাবে দায়বদ্ধ হয়৷