আধাৰ প্ৰতীক চিহ্ন – আৰ্কাইভ

প্ৰতিযোগিতা

ইউআইডিএআইৰ দ্বাৰা আধাৰৰ বাবে ফেব্ৰুৱাৰী ২০১০ ত এক ৰাষ্ট্ৰব্যাপী প্ৰতীক চিহ্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল৷ সেই সপ্তাহ কেইটাতে সমগ্ৰ দেশতে ২০০০ত কৈ বেছি প্ৰতিযোগীয়ে ভাগ লৈছিল৷

বিজেতা প্ৰতিযোগীক বাচনিৰ বাবে নিম্নলিখিত মানদণ্ডসমূহ আছিল:

  • প্ৰতীক চিহ্নই ইউআইডিএআইৰ উদ্দেশ্য আৰু লক্ষ্যৰ সাৰমৰ্ম প্ৰদৰ্শিত কৰিব লাগিব৷
  • প্ৰতীক চিহ্নই এই বাৰ্তা প্ৰেৰণ কৰিব লাগিব যে আধাৰে সমগ্ৰ দেশৰ আবাসীৰ বাবে পৰিবৰ্তনকাৰী সুযোগ আনিছে আৰু দৰিদ্ৰ সকলৰ বাবেও সেৱা আৰু সুযোগ সমুহৰ প্ৰয়োগ সমান ৰূপত কৰে৷
  • প্ৰতীক চিহ্নক সমগ্ৰ দেশতে সহজতে বুজি পোৱা আৰু বিস্তাৰিত কৰিব পৰা যায়৷

প্ৰতীক চিহ্ন প্ৰতিযোগিতাত ভাগ লোৱা অধিকাংশ প্ৰতিযোগী নতুন আৰু অত্যন্ত উচ্চ গুণসম্পন্ন আছিল। প্ৰস্তুত অংকন সমুহৰ মূল্যাংকন সচেতনতা আৰু যোগাযোগ কৌশল উপদেষ্টা পৰিষদ (এচিএছএচি)ৰ দ্বাৰা কৰা হৈছিল৷

উল্লিখিত মানদণ্ডৰ আধাৰত পৰিষদৰ দ্বাৰা অন্তিম পৰ্য্যায়ত উপনীত হোৱা অংকন সমুহৰ সংক্ষিপ্ত তালিকা বনোৱা হয়। পৰিষদৰ এজন সদস্য শ্ৰী কিৰণ খলাপে কয়, 'আমি শেষত অন্তিম বিজয়ী জনক বাচনিত কঠিন নিৰ্ণয়ৰ সন্মুখীন হৈছিলোঁ।'' ‘‘ধন্য! আমি বাচনিৰ মানদণ্ড অনুসৰি সহমত আছিলোঁ য’ত অনুগ্ৰহ আৰু আত্মীয়তা একেবাৰে নাছিল৷’’

অন্তিম পৰ্যায়ৰ অংকনকাৰীসকল অছিল:

  • মাইকেল ফৌলী
  • ছেফৰণ ব্ৰেণ্ড কঞ্চালটেন্ট
  • সুধীৰ জন হ’ৰ’
  • জয়ন্ত জৈন আৰু মহেন্দ্ৰ কুমাৰ
  • অতুল এচ. পাণ্ডে

বিজয়ী পুনেৰ অতুল এচ. পাণ্ডেৰ অংকন তলত দেখুৱা হৈছে৷

winning
winning2

‘‘ইউআইডিএআইৰ কাৰ্যসূচীলৈ মোৰ অৱদান আগবঢ়াবলৈ পোৱাটো এক বিশেষ সুযোগ৷ মই বিশ্বাস কৰোঁ যে, ইউআইডিএআইৰ সকলোলৈ সম সুবিধা প্ৰদানৰ প্ৰতিজ্ঞা এই প্ৰতিযোগিতাই অধিক শক্তিশালী কৰিব কিয়নো এই পৰিৱৰ্তনশীল কাৰ্যসূচীটোৰ অংশীদাৰ হোৱাৰ আমাক সুবিধা দিয়াৰ লগতে ডিজাইন কৰাৰো সুবিধা প্ৰদান কৰিছে৷’’ শ্ৰী পাণ্ডেয়ে এইদৰে কয়৷

Logo Launch

lounch1
lounch2
lounch3

২০১০ চনৰ ২৬ এপ্ৰিলৰ দিনা নতুন দিল্লীৰ বিজ্ঞান ভৱনত ইউআইডিএআইৰ পৰিৱেশ তন্ত্ৰ অনুষ্ঠানত আধাৰ প্ৰতীক চিহ্নৰ মুকলি কৰা হৈছিল৷ এই প্ৰতিযোগিতাৰ বিজয়ী অতুল এছ. পাণ্ডেয়ে ১,০০,০০০ টকাৰ পুৰষ্কাৰ মাননি প্ৰাপ্ত কৰাৰ লগতে অন্য চাৰিজন অন্তিম পৰ্যায়ৰ প্ৰতিযোগীয়ে ১০,০০০ টকাকৈ পুৰষ্কাৰ মাননি প্ৰাপ্ত কৰে৷