এনআৰচি বায়’মেট্ৰিক পঞ্জীয়ন (এনআৰচি-বিএমই)ৰ বিপৰীতে আধাৰ সৃষ্টিৰ স্থিতি সন্দৰ্ভত কেনেদৰে জানিব পাৰিম আৰু আধাৰ নম্বৰ কিদৰে লাভ কৰিব পাৰিম?
আপুনি স্বীকৃতি শ্লিপত উপলব্ধ পঞ্জীয়ন নম্বৰ (পঞ্জীয়ন আইডি), তাৰিখ আৰু সময় অন্তৰ্ভুক্ত কৰি https://myaadhaar.uidai.gov.in/CheckAadhaarStatus ত আধাৰ সৃষ্টিৰ স্থিতি পৰীক্ষা কৰিব পাৰে।
(ক) যদি স্থিতি "আপোনাৰ আধাৰ সৃষ্টি হৈছে" হিচাপে প্ৰদৰ্শিত হয়ঃ
(১) আপুনি https://myaadhaar.uidai.gov.in/genricDownloadAadhaar পৰা আধাৰৰ ইলেক্ট্ৰনিক প্ৰতিলিপি অৰ্থাৎ ই-আধাৰ চাব আৰু ডাউনলোড কৰিব পাৰে ৷ ইয়াৰ বাবে মোবাইল নম্বৰত প্ৰাপ্ত মোবাইল অ'টিপি প্ৰমাণীকৰণৰ প্ৰয়োজন আৰু পঞ্জীয়নৰ সময়ত মোবাইল নম্বৰ প্ৰদান কৰিলেহে এই অ’টিপি লাভ কৰিব পাৰি। এই সেৱা বিনামূলীয়া।
(২) আপুনি তাৰিখ আৰু টাইমষ্টাম্পৰ সৈতে আধাৰ নম্বৰ বা পঞ্জীয়ন আইডি প্ৰদান কৰি https://myaadhaar.uidai.gov.in/genricPVC পৰা আধাৰ পিভিচি কাৰ্ডৰ বাবে অৰ্ডাৰ কৰিব পাৰে। আপোনাৰ মোবাইল নম্বৰ আপোনাৰ আধাৰৰ সৈতে সংযুক্ত নহ'লেও এই সেৱাটো লাভ কৰিব পাৰি। এনে ক্ষেত্ৰত, প্ৰমাণীকৰণৰ বাবে অ'টিপি লাভ কৰিবলৈ যিকোনো মোবাইল নম্বৰ প্ৰদান কৰি আপুনি পিভিচি কাৰ্ডৰ বাবে অৰ্ডাৰ কৰিব পাৰে। পঞ্জীয়নৰ সময়ত প্ৰদান কৰা ঠিকনালৈ উক্ত পিভিচি কাৰ্ডখন প্ৰেৰণ কৰা হ'ব। এই সেৱাৰ বাবে প্ৰতিখন আধাৰ পিভিচি কাৰ্ডত ৫০/- টকাকৈ মাচুল লোৱা হয়।
(৩) পঞ্জীয়ন আইডি প্ৰদান কৰি আৰু স্ব-প্ৰমাণীকৰণ (আঙুলিৰ ছাপ অথবা মণিবলয়ৰ দ্বাৰা) কৰি "প্ৰিণ্ট আধাৰ" বিকল্পৰ জৰিয়তে যিকোনো আধাৰ পঞ্জীয়ন কেন্দ্ৰলৈ ব্যক্তিগতভাৱে গৈ আধাৰ নম্বৰ পুনৰুদ্ধাৰ আৰু ডাউনলোড কৰিব পাৰি। এই সেৱাৰ বাবে প্ৰতিটো প্ৰিণ্টত ৩০/- টকাকৈ মাচুল লোৱা হয়।
(৪) পঞ্জীয়নৰ সময়ত প্ৰদান কৰা ঠিকনালৈও আধাৰ পত্ৰ প্ৰেৰণ কৰা হ'ব।
(খ) যদি স্থিতি "এই পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে। অনুগ্ৰহ কৰি কেইদিনমানৰ পিছত পুনৰ পৰীক্ষা কৰক।" হিচাপে প্ৰদৰ্শিত হৈছে, অনুগ্ৰহ কৰি ইউআইডিএআই হেল্পলাইন নম্বৰ ১৯৪৭ (টোল ফ্ৰী)ত যোগাযোগ কৰক।
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
