যদি পৰিচয় প্ৰমাণ কৰাৰ বাবে আধাৰ মুক্তভাৱে ব্যৱহাৰ কৰিব লগা হয় আৰু এনে কৰাটো সুৰক্ষিত, তেন্তে ইউআইডিএআইয়ে লোকসকলক তেওঁলোকৰ আধাৰ নম্বৰ সামাজিক মাধ্যম বা ৰাজহুৱা ক্ষেত্ৰত নৰাখিবলৈ কিয় পৰামৰ্শ দিছে?
আপুনি য'ত প্ৰয়োজন হয় পেন কাৰ্ড, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, বেঙ্ক চেক ব্যৱহাৰ কৰে। কিন্তু আপুনি এই বিৱৰণবোৰ ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়া যেনে ফেচবুক, টুইটাৰ আদিত মুকলিকৈ ৰাখে নেকি? অৱশ্যেই নহয়! আপুনি এনে ব্যক্তিগত বিৱৰণ অপ্ৰয়োজনীয়ভাৱে ৰাজহুৱা ক্ষেত্ৰত নাৰাখে যাতে আপোনাৰ গোপনীয়তাৰ ওপৰত কোনো অবাঞ্ছিত আক্ৰমণৰ প্ৰয়াস নহয়। আধাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰতো একেই যুক্তি প্ৰয়োগ কৰা প্ৰয়োজন।"
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
play_circle_outline
