মোৰ বেঙ্ক একাউণ্ট, পেন আৰু অন্যান্য সেৱাবোৰ আধাৰৰ সৈতে লিংক কৰিলে মোক অসুৰক্ষিত কৰি তোলে নেকি?

নহয়। যিহেতু আপোনাৰ বেঙ্কৰ তথ্য বেঙ্কে আন কাৰো সৈতে ভাগ-বতৰা নকৰে, কেৱল আপোনাৰ আধাৰ নম্বৰ জানি আপোনাৰ বেঙ্ক একাউণ্টৰ বিষয়ে কোনেও তথ্য লাভ কৰিব নোৱাৰে। লগতে, ইউ.আই.ডি.এ.আই. বা সেই বিষয়টোৰ বাবে যিকোনো সংস্থাৰ ওচৰত আপোনাৰ বেঙ্ক একাউণ্টৰ বিষয়ে কোনো তথ্য নাথাকিব। উদাহৰণ স্বৰূপে, আপুনি বিভিন্ন স্থানত আৰু বিভিন্ন কৰ্তৃপক্ষ যেনে বেঙ্ক, পাছপোৰ্ট কৰ্তৃপক্ষ, আয়কৰ বিভাগ আদিত আপোনাৰ মোবাইল নম্বৰ দিয়ে। টেলিকম কোম্পানীয়ে আপোনাৰ বেঙ্কৰ তথ্য, আয়কৰ ৰিটাৰ্ণ আদিপ্ৰাপ্ত কৰিব পাৰিবনে? অৱশ্যেই নহয়! একেদৰে, যেতিয়া আপুনি বিভিন্ন সেৱা প্ৰদানকাৰীক আধাৰ নম্বৰ প্ৰদান কৰে, আপোনাৰ বিৱৰণ সংশ্লিষ্ট সেৱা প্ৰদানকাৰীৰ ওচৰত থাকে আৰু চৰকাৰ বা ইউআইডিএআইকে ধৰি কোনো একক সংস্থাই বিভিন্ন সেৱা প্ৰদানকাৰীত বিয়পি থকা আপোনাৰ ব্যক্তিগত তথ্য প্ৰাপ্ত কৰিব নোৱাৰে।

ছপাত আধাৰ

View All

আধাৰ টেলিকাষ্ট

View All

সংবাদ বিজ্ঞপ্তি

View All

সংখ্যাত আধাৰ

Aadhaar Generated
Authentication Done